ঘৰত কােঠালিত ওলাল ১৫ ডাল ফেটি সাপ উদ্ধাৰ!

August 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এজন লােকৰৰ ঘৰৰ এটা কােঠালিত ওলাল ১৫ ডালকৈ ফেটি সাপ!

এই ঘটনা সংঘটিত হ’ল দৰং জিলাৰ ছিপাঝাৰৰ বৰদৌলগুৰিত।

জানিব পৰা মতে, বৰদৌলগুৰিত এঘৰ মানুহৰ ঘৰত ওলাল ১৫ ডালকৈ ফেটি সাপ।

এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে অঞ্চলজুৰি।

অৱশ্যে সাপ কেইডালৰ বাবে বিপদত পৰা নাই কােনাে লােক। লগতে সাপকেইডালৰাে কােনাে ক্ষতি নােহােৱাকৈ নিৰাপদে মুকলি কৰে স্থানীয় লােকে।

ব্যক্তিগৰাকীৰ ঘৰৰ মজিয়াত বাহ লৈ থকা পোন্ধৰডালকৈ ফেটি সাপৰ পোৱালিৰ লগতে মাইকী ফেটি সাপডালক নিৰাপদে উদ্ধাৰ কৰা হয়।

এজন সৰ্পপ্ৰেমী দিগন্ত নাথ নামৰ যুৱকজনে সাপকেইডাল ধৰি সমীপৱৰ্তী নৈৰ পাৰত নিৰাপদ স্থানত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে।