ঘৰত ভিতৰত মাটিৰ তলত উদ্ধাৰ ১০ কোটি টকাৰ ড্ৰাগছ, তিনিজনক গ্ৰেপ্তাৰ…
July 1, 2021ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।
গোৱালপাৰাৰ ভালুকডুবিত উৎখাত ড্ৰাগছৰ ঘাটি।
ঘৰৰ ভিতৰত মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমানৰ ড্ৰাগছ।
১০ কোটি টকাৰ হেৰ’ইন, কফচিৰাপ, নিচাযুক্ত টেবলেট জব্দ কৰে আৰক্ষীয়ে।
লগতে আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ প্ৰস্তুত কৰা কেইবাটীও মেচিন।
Today early morning, house of Jahangir Alom of Bhalukdubi, Goalpara PS was raided.
— DGP Assam (@DGPAssamPolice) July 1, 2021
We have recovered huge quantities of drugs & psychotropic substances from the house that is worth about 10 CRORES in market value.
The drugs were hidden under the bedroom in an underground room.
অভিযানত আৰক্ষীৰ জালত পৰিছে জাহাংগীৰ আলম, চাদ্দাম হুছেইনৰ লগতে চাবিনা ইয়াছমিন নামৰ এগৰাকী মহিলাক।
গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত চলে এই ড্ৰাগছ বিৰোধী অভিযান।
The underground room, equipments and seized materials… pic.twitter.com/G18YtEGD0L
— DGP Assam (@DGPAssamPolice) July 1, 2021
পুৱতি নিশাৰ পৰা অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি।
ধৃত লোক তিনিজনৰ পৰাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহ হৈছিল বুলি জানিব পৰা গৈছে।