ঘৰলৈ ওভতাৰ পথত বাইকৰ খুন্দাত শাক-পাচলি বিক্ৰেতা বুদ্ধ গগৈৰ মৃত্যু

December 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ টিংৰাই আৰক্ষী চকীৰ অন্তৰ্গত টিংৰাই চাৰিআলিৰ পথ দুৰ্ঘটনাত এগৰাকী ৬৪ বছৰীয়া লােকৰ মৃত্যু।

টিংৰাই দলঙৰ নিচেই সমীপতে শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই শােকাৱহ পথ দুৰ্ঘটনা।

ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এল বি টি ৰাজপথেদি এছ০৬ডি ৬৭৮৫ নম্বৰৰ বাইকে দুলীয়াজান দিশৰ পৰা আহি থকা সময়তে একে পথেৰে পানী মুদী গাঁৱৰ ৬৫ বছৰীয়া বুদ্ধ গগৈ নামৰ লোকজনৰ চাইকেলত খুন্দা মাৰে।

লগে লগে পথৰ ওপৰত চিটিকি পৰে শাক-পাচলি বিক্ৰেতা বুদ্ধ গগৈ নামৰ লােকজন।

ঘটনাৰ খবৰ লাভ কৰি টিংৰাই আৰক্ষী চকীৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বুদ্ধ গগৈক উদ্ধাৰ কৰি টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

লগতে চাওকঃ

কৃতজ্ঞতা! ২৭ জনকৈ প্ৰবীণ বিজেপি নেতাৰ চৰণ ধুই সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে