ঘৰে-ঘৰে গৈ ৫০ শিল্পীক আৰ্থিক অনুদানৰ চেক প্ৰদান ৰাভা-হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাভা হাছং এলেকাৰ ৫০ গৰাকী শিল্পীক ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে ২৫ হাজাৰ টকাকৈ প্ৰদান কৰিলে আৰ্থিক অনুদান।

দুধনৈ ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ঘৰে ঘৰে গৈ প্ৰদান কৰিলে উক্ত ধনৰ চেক।

উল্লেখ্য যে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে পৰিষদৰ এলেকাৰ উঠি অহা শিল্পীসকলক আৰ্থিক অনুদান দিয়াৰ আঁচনি গ্ৰহণ কৰিছে।

এই আঁচনিৰ জৰিয়তে উঠি অহা ৫০ গৰাকী শিল্পীক প্ৰত্যেককে ২৫ হাজাৰ টকাকৈ অনুদান হিচাপে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে।

ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই দুধনৈৰ গায়ীকা মৌচুনা ৰাভা, গীতাৰিষ্ট কংকনা ৰাভা, তবলা বাদক তপন ৰাভাআৰু অৰুণ ৰাভা।

প্ৰত্যেকৰে ঘৰে ঘৰে গৈ উক্ত ধনৰ চেক বিতৰণ কৰি আঁচনিখনৰ শুভাৰম্ভ কৰে।