ঘৰৰ কাষতে দ গাঁতত পৰি দুই শিশুৰ শােকাৱহ মৃত্যু
October 7, 2021নিউজ ডেস্ক। বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত হাপাচাৰাত দুটি শিশুৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
শিশু দুটি অঞ্চলটোৰ মহিবৰ ৰহমানৰ ৭ বছৰীয়া পুত্ৰ ৰেহেন ৰহমান আৰু মামুন আলীৰ ৭ বছৰীয়া কন্যা মেহেনিমা নাছমিন বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, বিয়লি দুইমান বজাত সম্বন্ধত ভাতৃ-ভগ্নী শিশু দুটিয়ে ঘৰৰ সন্মুখতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত খেলি থাকোতে দুৰ্ভাগ্যবশতঃ ওচৰতে থকা পানী ভৰ্তি গাঁত এটাত পৰে।
পিছত পৰিয়ালৰ লোকে শিশু দুটিক বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।