চলন্ত অৱস্থাতে জ্বলি উঠিল নতুনকৈ ক্ৰয় কৰা পালচাৰ বাইক
November 13, 2021নিউজ ডেস্ক। গােৱালপাৰা জিলাৰ দুধনৈৰ ৰাজপথত চলন্ত অৱস্থাত জ্বলি উঠিল এখন বাইক।
গোৱালপাৰা দিশৰ পৰা দুধনৈ দিশে আহি থকা আৰোহীসহ বাইকখন নােৱাপাৰা পোৱা মাত্ৰকে বাইকখন পৰা ক্ৰমে ধোঁৱা ওলাব ধৰে।
লগে লগে বাইক আৰোহীজনে বাইকখন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই দিয়ে।
চাওতে চাওতে চকুৰ সন্মুখতে জ্বলি উঠে বাইকখন।
কিছু সময় পিছত স্থানীয় লোকৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰা হয়।
উল্লেখ্য যে মাত্ৰ দহ দিন পূৰ্বেই ক্ৰয় কৰা হৈছিল পালচাৰ বাইকখন। যান্ত্ৰিক বিজুতিৰ বাবে এই বাইখনত জুই জ্বলাৰ সন্দেহ কৰা হৈছে।