চলন্ত যাত্ৰীবাহী বাছত লাগিল জুই, কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ

February 26, 2022 0 By NEWS DESK

নিউজ ডেস্ক। গােৱালপাৰা জিলাৰ দুধনৈৰ আমজোঙাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত যাত্ৰীবাহী আল্ট্ৰা বাছত জুইৰ সূত্ৰপাত হোৱাক কেন্দ্ৰ কৰি যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

শুকুৰবাৰে বিয়লি সংঘটিত এই ঘটনাৰ ফলত বাছখনত থকা যাত্ৰীসমূহৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।

জানিব পৰামতে, ধুবুৰীৰ পৰা গুৱাহাটীলৈ যাত্ৰী কঢ়িয়াই নিয়া এখন আল্ট্ৰা বাছত হঠাতে ধোৱা নিৰ্গত হয়।

লগে লগে চালকে বাছখন ৰখাই যাত্ৰীসকলক নামিবলৈ দিয়ে।

বাছ যাত্ৰীসকলে নিজা তৎপৰতাৰে জুই নিৰ্বাপণ কৰে যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা বাছসহ যাত্ৰীসকল ৰক্ষা পৰে।