চলন্ত ৰে’লত যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ’ল দুই গভাইত চোৰ…

June 1, 2021 0 By Biraj Kalita

বঙাইগাঁও ৰে’ল ষ্টেচনত সোমবাৰে এখন চলন্ত ৰে’লৰ যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ’ল দুই গভাইত চোৰ ৷

ৰাইজৰ সহযোগত ৰে’লৱে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা এই গভাইত চোৰ দুজন বঙাইগাঁও চহৰৰ কবৰস্থানৰ ৰাজা ৰজক (২৫) আৰু পালপাৰাৰ শ্যামল দাস ( ২৬ )৷

উল্লেখ্য যে বঙাইগাঁও ৰে’ল ষ্টেচনত পুৱাৰ ভাগত নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰে’ল খন আহি ৰখাৰ পিছত পুনৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাৰ সময়তে চলন্ত ৰে’লখনৰ খিৰিকীৰ কাষত থকা এজন যাত্ৰীয়ে মোবাইলত কথা পাতি থাকোতে বাহিৰত থকা দুজনীয়া এই দলটোৱে যাত্ৰী জনৰ মোবাইলটো কাঢ়ি পালপাৰাৰ দিশে পলায়ন কৰিবলৈ চেষ্টা কৰে৷

কিন্তু উক্ত সময়ছোৱাত ষ্টেচনত কৰ্তব্যৰত ৰে’ল আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত দুয়োজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

লগতে চাওকঃ

দুধনৈ-দিছপুৰ মহাবিদ্যালয়ত কৰ্মৰত নগাঁৱৰ দুজনকৈ যুৱ অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু