চলিত বৰ্ষৰ HSLC-HS ৰ উত্তীৰ্ণই চাকৰিৰ ক্ষেত্ৰত সন্মুখীন নহ’ব কােনাে সমস্যাৰঃ মুখ্যমন্ত্ৰী
July 3, 2021মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আৰু চাকৰি সন্দৰ্ভত বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চলিত বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণই চাকৰিৰ ক্ষেত্ৰত সন্মুখীন নহ’ব কােনাে সমস্যাৰ। এ পি এছ চি, ইণ্ডিনিয়াৰিং,ৰেলৱে সকলো ক্ষেত্ৰতে চাকৰি পাবলৈ সক্ষম হ’ব ছাত্ৰ ছাত্ৰীসকলে। কেৱল মাত্ৰ টেট পৰীক্ষাৰ ক্ষেত্ৰত সমস্যা হ’ব।
এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাত পাছ কৰিব, চাৰ্টিফিকেট পাব আৰু চাকৰিও পাব। কিন্তু টেট পৰীক্ষাৰ ক্ষেত্ৰত কিছু সমস্যা আছে। সকলোৱে ৯৫ শতাংশৰ পৰা ১০০ শতাংশ নম্বৰ পালে এই নম্বৰ টেটত হিচাপ কৰিলে বহু সমস্যা হ’ব।
নহ’লে অহা ১০ বছৰলৈ মাত্ৰ এই বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলেই টেটত চাকৰি পাব। কিয়নো আগৰ লৰা-ছোৱালীৰ নম্বৰ এই বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ নম্বৰৰ মাজত বহু পাৰ্থক্য থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়- আমি সকলো চাব লাগিব। নিবনুৱা খিনিৰ কথাও ভাৱিব লাগিব আৰু অহা বৰ্ষত যিয়ে পঢ়ি মেট্ৰিক দিব সেইখিনিকো চাব লাগিব। এইটো এটা বহুত ডাঙৰ সামাজিক সমস্যা। নহ’লে অসমত ৪ লাখ চাকৰি মাত্ৰ এই ৪ লাখ ছাত্ৰ-ছাত্ৰীয়েই পাই থাকিব।