চলিত মাহৰ পৰা বৃদ্ধি হ’ব অসম বন সুৰক্ষা কৰ্মীৰ ৰেশ্যন ভাট্টা…
June 13, 2021চলিত মাহৰ পৰা বৃদ্ধি হ’ব অসম বন সুৰক্ষা কৰ্মীৰ ৰেশ্যন ভাট্টা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা।
অসম বন সুৰক্ষা কৰ্মীসকলৰ ৰেশ্যন ভাট্টা বৃদ্ধি সন্দৰ্ভত জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে।
জাননী অনুসৰি বন সুৰক্ষা কৰ্মীসকলৰ ৰেশ্যন ভাট্টা ২০০০ লৈ বৃদ্ধি হ’ল।
পূৰ্বে এই পৰিমান আছিল ১২০০ টকা।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘পশুৰ সুৰক্ষা নিশ্চিত কৰাত বনৰক্ষীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাজিৰঙাত বানপানীৰ প্ৰস্তুতি পৰ্যালোচনাৰ সময়ত, তেওঁলোকৰ ৰেশ্যন ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই কথা জনাব পাই সুখী যে ৰেচন ভাট্টা প্ৰতি মাহে ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে, আৰক্ষী কৰ্মীৰ সমান।’
Forest guards play a key role in ensuring animal safety. During flood preparations review at Kaziranga, a decision was taken to increase their ration allowance.
— Himanta Biswa Sarma (@himantabiswa) June 13, 2021
Happy to share that ration allowance has been raised from Rs 1200 to Rs 2000 per month, at par with police personnel. pic.twitter.com/evDVO2y3Zy