চাকৰিৰ নামত ধন ল’ই দীৰ্ঘদিনলৈ পলাই থাকি নাটকীয় ভাবে আটক হ’ল এগৰাকী প্ৰৱঞ্চক

June 11, 2021 0 By Biraj Kalita

চাকৰিৰ নামত ধন ল’ই দীৰ্ঘদিনলৈ পলাই থাকি নাটকীয় ভাবে আটক হ’ল এগৰাকী প্ৰৱঞ্চক।

নগৰবেৰাৰ মালিবাৰী পথাৰত আটক এগৰাকী ভাটিবয়সৰ প্ৰবঞ্চক।

নাম ধীৰেন গগৈ ,ঘৰ হেনো যোৰহাটত।

পিছে নিজকে দিলোৱাৰ হুছেইন বুলি ক’ই মালিবাৰীত এগৰাকী মহিলাক বিয়া পাতি থাকিবলৈ লয় কেইবছৰ মানৰ পৰা আৰু চাকৰিৰ নামত অঞ্চলটোৰ বহু যুৱকৰ পৰা ধন সৰকাই পাঁচ-ছমাহ কাল ঘৰৰ পৰা আঁতৰি থাকে।

নিজকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মেকানিকেল বিষয়া বুলি পৰিচয় দি চাকৰি দিয়াৰ নামত ধন আদায় লৈছিল লোকজনে।

অৱশেষত মালিবাৰীৰ নিজগৃহত উপস্থিত হোৱাত লোকজনক এইদৰে নজৰবন্দী কৰি ৰাখে ধন দিয়া যুৱক সকলে ,পিছে ধন বিচাৰি যোৱা সকলক হেনো ডেগাৰ পৰ্যন্ত দেখুৱায় লোকজনে।

প্ৰৱঞ্চক জনৰ সন্দৰ্ভত ধন দিয়া যুৱক সকলে মন্দিৰা আৰক্ষীকো অবগত কৰে।