চাকৰি গ’ল ‘ক’ৰনা যােদ্ধা’ চাফাই কৰ্মীৰ, সংস্থাপন নিদিলে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ হুংকাৰ

November 9, 2020 0 By NEWS DESK

নৱজিৎ শৰ্মা। চৰকাৰে এসময়ত ‘ক’ৰােনা যােদ্ধা’ৰ স্বীকৃতি দিয়া চাফাই কৰ্মীসকলৰ একাংশ ক’ভিড-১৯ৰ সংক্ৰমণ হ্ৰাস পােৱাত যেন ‘অপ্ৰয়ােজনীয়’ হৈ পৰিল।

ক’ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ সময়ত প্ৰাণৰ শংকাও পাহৰি উৎকট গৰমৰ সময়তাে ঘন্টাৰ পাছত ঘন্টা ধৰি পিপিই কিট পৰিধান কৰি ক’ভিড কেয়াৰ চেন্টাৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দায়িত্ব পালন কৰা ৩০০০ হাজাৰ চাফাই কৰ্মীক চাকৰিৰ পৰা অব্যাহতি দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

স্বাস্থ্য বিভাগৰ এনে সিদ্ধান্তৰ প্ৰতিবাদতে আজি কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জা স্থিত ডঃ মামণি ৰয়ছম গোস্বামী চ’কত কামৰূপ, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ আৰু ধুবুৰী জিলাত নিয়োজিত কৰ্মী সকলে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।

ৰাতিপুৱা ৯ বজাৰ পৰা এক বজালৈ চলা এই প্ৰতিবাদী কাৰ্যসূচীত হাতত প্লে’কাৰ্ড-ফেষ্টুন লৈ বিভিন্ন দাবীৰে শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে।

সাংবাদিকৰ আগত অভিযােগ কৰি একাংশ প্ৰতিবাদকাৰীয়ে কয় যে আগতীয়া জাননী জাৰি নকৰাকৈ ছয় মাহৰ বাবে নিযুক্তি দি তিনি মাহতে ছাটাই কৰিলে স্বাস্থ্য বিভাগে।

এনে অনাকাংক্ষিত পদক্ষেপ বাতিল কৰিবলৈ চাফাই কৰ্মী সকলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰে বুলি জনায়।

একাংশ চাফাই কৰ্মীয়ে এই সিদ্ধান্ত উঠাই ল’বলৈ নাইবা সংস্থাপনৰ বিকল্প ব্যৱস্থা কৰিবলৈ অচিৰেই কাৰ্যপন্থা হাতত নল’লে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। আনকি লুইতত জাঁপ দিয়াৰাে হুংকাৰ দিয়ে চাফাই কৰ্মীসকলে।