চাঞ্চল্যকৰ ঘটনাঃ শৰাইঘাট দলঙত উদ্ধাৰ ব্ৰহ্মপুত্ৰত পেলাই দিব অনা মৃতদেহ, এজনক আটক…

May 27, 2021 0 By Biraj Kalita

মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

নতুন শৰাইঘাট দলঙত উদ্ধাৰ হৈছে মৃতদেহ।

এখন চাৰিচকীয়া বাহনত (ট্ৰাকত) অনা হৈছিল এই মৃতদেহটো।

দলঙৰ পৰা নদীত পেলাই দিবলৈ লোৱা সময়তে উপস্থিত হয় আৰক্ষী।

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত এজন যুৱকক আটক কৰা হৈছে।

লগতে আৰক্ষীয়ে এএছ০১ ডিএক্স ৫৮২২ নম্বৰৰ এখন বাহনো জব্দ কৰিছে।

ইপিনে আটক কৰা যুৱকজনৰ সৈতে অহা আন লোক কেইজনৰ পলায়ন কৰে।

পাণ্ডুৰ পৰা মৃতদেহটো অনা বুলি জানিব পৰা গৈছে।

আটক কৰা যুৱকজনে আৰক্ষীক জনোৱা মতে, টকাৰ বিনিময়ত মৃতদেহটো পেলাবলৈ আহিছিল যুৱকজন।

বৰ্তমানলৈ চিনাক্ত কৰা হোৱা নাই মৃতদেহটো।