চাঞ্চল্যকৰ ঘটনা! ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন ৫ অপৰাধী কিশোৰ…
July 18, 2021এক চাঞ্চল্যকৰ ঘটনা!
ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন ৫ অপৰাধী কিশোৰ।
তিতাবৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰে ৫ জনকৈ ক’ভিড পজিটিভ অপৰাধী কিশোৰে।
বিগত ১১ জুলাইৰ পৰা ১৬ জুলাই ভিতৰত মুঠ ১১ টি কিশোৰ অপৰাধিক যোৰহাট লিচুবাৰীত অৱস্থিত চিল্ড্ৰেন জেইলৰ পৰা তিতাবৰ ক’ভিড কেয়াৰ চেণ্টাৰলৈ লৈ অনা হৈছিল।
ইয়াৰে ৫ জনকৈ ক’ভিড পজিটিভ অপৰাধী কিশোৰে পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে।
অৱশ্যে ইয়াৰে এটি কিশোৰক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
পলাতক আটাইকেইজন বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।