চাঞ্চল্যকৰ চুৰিকাণ্ড! দিনদুপৰতে চোৰে লৈ গ’ল ৪৬ হাজাৰ টকীয়া চাইকেল, CCTVত বন্দী সমগ্ৰ দৃশ্য…

March 27, 2022 0 By Biraj Kalita

এক চাঞ্চল্যকৰ চুৰিকাণ্ড।

দিনদুপৰতে ৪৬ হাজাৰ টকীয়া চাইকেল লৈ উধাও হ’ল চোৰ।

ডিব্ৰুগড়ৰ চৌকিডিঙ্গিত সংঘটিত হৈছে এই চুৰিকাণ্ড।

ঘৰৰ চৌহদত সোমাই প্ৰায় ১ মিনিটৰ ভিতৰতে চুৰি কৰি নিলে প্ৰায় ৪৬ হাজাৰ টকা মূল্যৰ এখন অত্যাধুনিক চাইকেল।

সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দি হৈ ৰয় চিচি টিভি কেমেৰাত।

ডিব্ৰুগড় চৰৰ চিনচাপৰিত দত্তৰ্ছ পাৰ্কলেণ্ডৰ পৰা গণেশ দত্ত পথৰ দাঁতিত থকা ভাৰত দত্ত নামৰ লোকজনৰ গৃহত সংঘটিত হয় এই চুৰিকাণ্ড।

জানিব পৰামতে ভাৰত দত্তৰ পুত্ৰ ভাৰ্গৱ দত্তৰ প্ৰায় ৪৬,০০০ টকীয়া মূল্যৰ চাইকেলখন চুৰে শুকুৰবাৰে দিনদুপৰতে লৈ উধাও হয়।