চাঞ্চল্যকৰ হত্যাকাণ্ড! কাঁচিৰে ডিঙি ৰেপি হত্যা বিবাহিত যুৱকক….

June 12, 2021 0 By Biraj Kalita

দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।

কাঁচিৰে ডিঙি ৰেপি হত্যা বিবাহিত যুৱকক।

গৰৈমাৰীৰ মধ্য ভলুকাৱাড়ীত সংঘটিত হৈছে এই ঘটনা।

মৃত যুৱকজনৰ নাম আব্দুল হাই৷

পথাৰৰ মাজত উদ্ধাৰ হৈছে যুৱকজনৰ ক্ষত-বিক্ষত মৃতদেহ।

তিনিদিন পুৰ্বে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল যুৱকজন৷

অবশ্যে কোনে কি কাৰণত হত্যা কৰিলে যুৱকজনক সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ ৰাইজৰ।