চাহ বাগিচাত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ
August 25, 2021নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দৈদাম চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ।
বিগত কেইবাদিন ধৰি অঞ্চলটোৰ এজন ব্যক্তিৰ গৰু-ছাগলী ভক্ষণ কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল উক্ত বাঘটোৱে।
উল্লেখ্য যে অঞ্চলটোৰ কেইবাটাও গৰু-ছাগলী ভক্ষণ কৰা এই বাঘটোৰ সন্ত্ৰাসৰ বিষয়ে ডুমডুমা বন বিভাগক খবৰ কৰাত তৎতকালে দুদিন পূৰ্বেই উক্ত লোকজনৰ ঘৰৰ গোহালিত এটা পিঞ্জৰা স্থাপন কৰি ৰাখে বনবিভাগে।
অৱশেষত সোমবাৰে ব্যক্তিজনৰ ঘৰৰ গোহালিত খাদ্য বিচাৰি অহাত উক্ত নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হয়।
ইতিমধ্যে পিঞ্জৰাবদ্ধ বাঘটো ডুমডুমা বন বিভাগে চমজি লয়।