চাহ বাগিচাৰ পথৰ দাঁতিত উদ্ধাৰ ক’ভিড ৰোগীৰ মৃতদেহ, তীব্ৰ প্ৰতিক্ৰিয়া…
June 1, 2021ডিব্রুগডৰ ৰ’মাই চাহ বাগিচাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
ক’ভিডত মৃত্যু হোৱা এজন ৰোগী পথৰ কাষত পেলাই থৈ যোৱাক কেন্দ্র কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷
ক’ভিডত আক্রান্ত হৈ চিকিৎসালয়ত মৃত্যু হোৱা ভীম ভূঞা নামৰ এজন শ্রমিকৰ মৃতদেহ সোমবাৰে পথৰ কাষত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্র চাঞ্চল্য৷
কিন্তু কিয় আৰু কেনেকৈ, কি পৰিস্থিতিত ৰোগীজনৰ মৃতদেহ ফুটপাথ পালেহি, সেয়া এতিয়াও ৰহস্যৰ অৱৰ্তত৷
এই ঘটনাৰ পাছতেই উত্তপ্ত হৈ পৰিছে ডিব্রুগডৰ ৰ’মাই চাহ বাগিচা৷
জানিব পৰা মতে, যোৱা ২৮ মে’ত ৰ’মাইৰ ভীম ভূঞা নামৰ লোকজনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাত ডিব্রুগডৰ ডনবস্ক’ স্কুলৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰোৱা হৈছিল৷
পিছত শাৰীৰিক অৱস্থা অতি শোচনীয় হোৱাত ডনবস্ক’ স্কুলৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা ১০৮ৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল৷
কিন্তু ক’ভিডত আক্রান্ত হৈ থকা ৰোগীজনৰ মৃতদেহ ৰহস্যজনকভাৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ ৰাধা–কৃষ্ণ মন্দিৰৰ সমীপৰ ফুটপাথত উদ্ধাৰ হয়৷ ইয়াৰ পাছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷
বাগিচাখনৰ শ্রমিকসকল প্রতিবাদমুখৰ হৈ পৰিছে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ মোতায়েন কৰা হৈছে আৰক্ষী আৰু অর্ধসামৰিক বাহিনী৷
ইতিমধ্যে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জিলা উপায়ুক্তক তদন্তৰ নির্দেশ দিয়ে বুলি জানিব পৰা গৈছে৷