চাহ বাগিচাৰ মাজত ৰহস্যজনকভাৱে উদ্ধাৰ নাহৰফুটুকী বাঘৰ মৃতদেহ…
July 6, 2021পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাহৰফুটুকী বাঘৰ মৃতদেহ।
নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনৰ নুমলীগড় চাহ বাগিচাৰ পাইপলাইন অঞ্চলত প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
খৰি কাটিবলৈ যোৱা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে।
স্থানীয় লোকে জনোৱা অনুসৰি দীৰ্ঘদিন ধৰি নুমলীগড় চাহ বাগিচা অঞ্চলত নাহৰফুটুকী বাঘে গঞাৰ পশুধন, হাঁহ-কুকুৰা ভক্ষণ কৰি আহিছিল।
বাৰম্বাৰ বন বিভাগৰ লোকক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ আহ্বান জনাইছিল যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বন বিভাগে।
সম্প্ৰতি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।