চােৰাং কাঠৰ কুণ্ডা কঢ়িওৱা ট্ৰেক্টৰ জব্দ বন বিভাগৰ

December 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। উত্তৰ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত হাজােৰ হাজোৰ উখুৰাত বন বিভাগে ট্ৰেক্টৰ সহিতে জব্দ কৰে ৫০ হাজাৰ টকা মূল্যৰ চোৰাং কাঠৰ কুণ্ডা।

হাজো বন বিভাগে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ হৈছে এই প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ কুণ্ডাসমূহ।

অৱশ্যে বন বিভাগৰ অভিযানৰ সময়ত চেগ বুজি পলাবলৈ সক্ষম হয় ট্ৰেক্টৰখনৰ চালক আৰু বন মাফিয়াৰ দলটো।

কামৰূপৰ জিলাৰ ডিমু ফালৰ পৰা হাজো অভিমুখে আহি থকা অৱস্থাতে মঙলবাৰে অতৰ্কিতে অভিযান চলাই লাভ কৰিবলৈ সক্ষম হৈছে এই সফলতা।

হাজোৰ বিভিন্ন স্থানত অবৈধ কাঠৰ মিল স্থাপন কৰি এইসমূহ চোৰাং কুণ্ডা ফালি চলাই আহিছে বন মাফিয়াই ব্যৱসায়।

তেনে সময়তে হাজো বনাঞ্চলিক বিষয়া সংগীতা ৰাণীৰ নেতৃত্বত চলা অভিযানত এনেদৰে জব্দ হ’ল বন মাফিয়াৰ এইসমূহ চোৰাং কাঠৰ কুণ্ডা।