চিকিৎসকক নিৰ্মম আক্ৰমণ কৰা ২৪ জনৰ ৭ জনক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ…

June 2, 2021 0 By Biraj Kalita

চিকিৎসকক নিৰ্মম আক্ৰমণ কৰা ২৪ জনৰ ৭ জনক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ।

হোজাইৰ নিম্ন আদালতে বুধবাৰে এই ৰায়দান কৰে।

এই ঘটনাৰ লগত জড়িত অপৰাধী সকলৰ নামসহ চিনাক্ত কৰা ২৪ অপৰাধীৰ ভিতৰত ৭ জনকৈ আক্ৰমণকাৰীক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

আৰক্ষীয়ে মুখ্য আক্ৰমণকাৰী সকলৰ ভিতৰত ৮ জনক আৰক্ষী জিম্মাত বিচাৰিছিল আদালতৰ সমুখত।

পিছে তাৰে এজনে নিজকে নাবালক হোৱাৰ দাবী কৰে। যাৰ বাবেই ৭জনকহে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ বাহিৰেও অন্য দুজনেও নিজকে নাবালক বুলি দাবী কৰে। সেয়ে নিম্ন আদালতে কেউজনকে ৪ জুন তাৰিখলৈ সময় দিছে জন্মৰ প্ৰমাণ পত্ৰ সহ নিজকে নাবালক বুলি প্ৰমাণ কৰাৰ বাবে।

তাৰ বাহিৰে অন্য ১৪ জনক ১৪ দিনৰ বাবে নায়িক জিম্মালৈ প্ৰেৰণ কৰি নগাঁও জেললৈ পঠিয়াই।

উল্লেখ্য যে, মঙলবাৰে হোজাই জিলাৰ উদালি ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী কভিড ৰোগীৰ মৃত্যুৰ পিছতে চিকিৎসাত গাফিলতি কৰা বুলি চিকিৎসাত নিয়োজিত ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগতে অন্য স্বাস্থ্যকৰ্মীৰ ওপৰতো বৰ্বৰ আক্ৰমণ চলাইছিল।