চিকিৎসকক বৰ্বৰ আক্ৰমণৰ ঘটনাই জোকাৰিছে ৰাজ্য, ২৪ গৰাকী লোকক গ্ৰেপ্তাৰ…

June 2, 2021 0 By Biraj Kalita

লংকা থানাৰ অন্তৰ্গত ফুলতলীৰ মডেল হাস্পতালত স্থাপন কৰা কোভিড চিকিৎসালয়ত এজন ৰোগীৰ মৃত্যুৰ ঘটনাক লৈ মঙলবাৰে বিয়লি উত্তপ্ত হৈ পৰে চিকিৎসক কেন্দ্ৰটোৰ পৰিৱেশ।

মৃত ৰোগীজনৰ চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ তুলি মৃত ৰোগীজনৰ আত্মীয়ই চিকিৎসক ডাঃ সেউজ সেনাপতিক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ লগতে সেই সময়ত কৰ্তব্যৰত একাংশ নাৰ্ছকো মাৰ-ধৰ কৰে।

উত্তেজিত আত্মীয় আৰু দুষ্কৃতিকাৰী দলটোৱে চিকিৎসা কেন্দ্ৰটোৰ বহু আচবাবো ভাঙি-চিঙি লণ্ড ভণ্ড কৰে।

ইতিমধ্যে এই আক্ৰমণৰ ঘটনাত জড়িত থকা মুখ্য অপৰাধী আৰু আন ষড়যন্ত্ৰকাৰীসহ কমেও ২৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

চিকিৎসক সেনাপতিক এগৰাকী মহিলাসহ প্ৰায় ২০-২৫ জনীয়া এটা দলে লাঠি আৰু অন্যান্য সামগ্ৰীৰে বৰ্বৰভাৱে আক্ৰমণ কৰা অসহ্যকৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হোজাই আৰক্ষীয়ে দুৰ্বৃত্ত কেইগৰাকীৰ বিৰুদ্ধে অভিযান চলায়।

আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিকিৎসকৰ ওপৰত হোৱা এই আক্ৰমণক বৰ্বৰ আখ্যা দিছে দোষীক কাৰায়ত্ত কৰিবলৈ স্বাস্থ্যমন্ত্ৰীক নিৰ্দেশ প্ৰদান কৰিছিল।

এই ঘটনাৰ শেহতীয়া তথ্য প্ৰকাশ কৰি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে কয়, ‘পুৱতি নিশা ৪ বজালৈকে চলোৱা অভিযানত মুখ্য অপৰাধী আৰু ষড়যন্ত্ৰকাৰীসহ ২৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াত ভিডিঅ’টোত দেখা মহিলাগৰাকীও অন্তৰ্ভুক্ত আছে’।

উল্লেখ্য যে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হোজাই আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান চলাই নিশা ১১-১২ বজাৰ ভিতৰত ১৬ গৰাকী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছিল।

গ্ৰেপ্তাৰ হোৱা কেইজনমানৰ নাম হৈছে- মহম্মদ কামাৰুদ্দিন, মহম্মদ জইনুল উদ্দিন, ৰেহানুদ্দিন, চাইদুল আলম, ৰহিম উদ্দিন, ৰজুল ইছলাম, তায়েবুৰ ৰহমান, চাহিল ইছলাম।