চিকিৎসকে চিকিৎসকক ধৰ্ষণ কৰাৰ অভিযোগঃ গ্ৰেপ্তাৰ হ’ল চিকিৎসক সোণমণি ভূঞা…
June 28, 2021ৰাজ্যত পুনৰ ধৰ্ষণৰ ঘটনা।
এইবাৰ চিকিৎসকে চিকিৎসকক ধৰ্ষণ কৰাৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ।
অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ কাণ্ড।
সতীৰ্থ চিকিৎসকৰ এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় থানাই গ্ৰেপ্তাৰ কৰিছে চিকিৎসক সোণমণি ভূঞাক।
চিকিৎসক সোণমণি ভূঞা শল্য চিকিৎসা বিভাগৰ চিকিৎসক।
ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৪ জুনত ডিব্ৰুগড়ৰ আন এখন চিকিৎসালয়ৰ চিকিৎসক নয়নজ্যোতি ডেকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল।