চিকিৎসকৰ দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল নিচাজাতীয় সামগ্ৰী, আহত ২

September 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত মদৰ ৰাগিত মাতাল চিকিৎসক।

চিকিৎসকৰ বাহনত উদ্ধাৰ নিচাজাতীয় সামগ্ৰী।

জামুগুৰিহাটৰ শলগুৰিত নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ লগতে মদৰ ৰাগিত মাতাল হৈ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয় চিকিৎসকসহ এগৰাকী যুৱতী।

ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী চিকিৎসকে দিনদুপৰতে নিচাযুক্ত দ্ৰব্যৰ লগতে মদ্য পান কৰি আন এগৰাকী যুৱকৰ সৈতে দুগৰাকী যুৱতীক লগত লৈ এএছ ১২ডব্লিং ৬৯১৬ নম্বৰৰ এখন গাড়ীৰে ধনাবিললৈ বুলি আহি থকা অৱস্থাত শলগুৰিত এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে চালকৰ আসনত থকা চিকিৎসকগৰাকীয়ে।

উক্ত দুৰ্ঘটনাত চিকিৎসকগৰাকীৰ লগতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়।

পাছত স্থানীয় ৰাইজৰ সহযোগত জামুগুৰি আৰক্ষীয়ে আঘাতপ্ৰাপ্ত চিকিৎসকসহ যুৱতীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসকগৰাকীৰ গাড়ীৰ ভিতৰত বিভিন্ন নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে বুলিও মন্তব্য প্ৰকাশ কৰে স্থানীয় ৰাইজে।

ক’ভিড মহামাৰীৰ সময়ত এগৰাকী চিকিৎসকে ৰাইজৰ সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে ডিঙিলৈকে মদ সেৱন কৰি দুৰ্ঘটনা সংঘটিত কৰি ফুৰাৰ লগতে নিচাজাতীয় সামগ্ৰী গাড়ীত লৈ ফুৰা ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে।