চিকিৎসক আক্ৰমণৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন CID বিভাগৰ বিষয়া বিবেকানন্দ দাসক

June 3, 2021 0 By Biraj Kalita

চিকিৎসক আক্ৰমণৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন CID বিভাগৰ বিষয়া বিবেকানন্দ দাসক।

লংকাৰ উদালিত সংঘটিত হোৱা চিকিৎসক প্ৰহাৰৰ ঘটনাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত৷

চিকিৎসকক আক্ৰমণ কৰা কাৰ্যক সহজভাৱে এৰি দিয়া নহ’ব বুলি সংবাদমাধ্যমৰ আগত স্পষ্টভাৱে কয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

ইয়াৰোপৰি সমগ্ৰ ঘটনাৰ গভীৰ অনুসন্ধানৰ বাবে চি আই ডি বিভাগৰ বিষয়া বিবেকানন্দ দাসক দায়িত্ব দিয়াৰ কথা উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

ইয়াৰ লগতে ঘটনাৰ লগত জড়িত কোনো এজন অভিযুক্ত যাতে সাৰি যাব নোৱাৰে, সেই সন্দৰ্ভত আশ্বাস প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।