চিকিৎসক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিবাদ…
June 2, 2021ৰাজ্য কপোঁৱা উদালী কাণ্ডৰ বিৰুদ্ধে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিবাদ।
লংকাৰ হাস্পতালত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱাৰ সময়তে ৰোগীসকলে অমানৱীয়ভাৱে আক্ৰমণ কৰে চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক৷
বুধবাৰে উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদ৷
হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক-চিকিৎসাকৰ্মী তথা ছাত্ৰ-ছাত্ৰীয়ে৷
প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক চিকিৎসকৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে।