চিকিৎসাকৰ্মীৰ বিশেষ পদক্ষেপ! ক’ভিড কেয়াৰ চেণ্টাৰত পাতিলে তুলনি বিয়া…
July 7, 2021চিকিৎসাকৰ্মীৰ বিশেষ পদক্ষেপ।
ডিব্ৰুগড়ত ক’ভিড কেয়াৰ চেণ্টাৰত পাতিলে তুলনি বিয়া।
ডিব্ৰুগড়ত এটা ক’ভিড কেয়াৰ চেণ্টাৰতে এগৰাকী কন্যা পুষ্পিতা অৰ্থাৎ তুলনি হয়।
অসমীয়া সমাজ জীৱনত এনে প্ৰাকৃতিক নিয়মক বিবাহ হিচাপে উদযাপন কৰা হয়।
সেয়েহে ক’ভিড কেয়াৰ চেণ্টাৰটোতে আনুষ্ঠানিকভাৱে চিকিৎসক-নাৰ্চে পাতিলে তোলনি বিয়া।
PPE কীট পিন্ধি চিকিৎসাকৰ্মীয়ে কন্যাক নোৱালে-ধুৱালে।
তোলনি বিয়াৰ এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷