চিকিৎসালয়ত আজৱ কাণ্ডঃ জন্ম হোৱাৰ কিছুসময় পিছতেই পুত্ৰ সন্তান হৈ পৰিল কন্যা সন্তান…
June 25, 2021মঙলদৈ অসামৰিক চিকিৎসালয়ত আজৱ কাণ্ড!
বুধবাৰে জন্ম হোৱা পুত্ৰ সন্তান কিছু সময় পিছতেই হৈ পৰিল কন্যা সন্তান।
নবজাতক সলনিৰ অভিযোগ উঠিছে চিকিৎসালয় খনৰ বিৰুদ্ধে।
জানিব দিয়া মতে বুধবাৰে সন্তান প্ৰসৱৰ বাবে মঙলদৈ গৰাপৰি গাওঁৰ আচমা বেগম নামৰ মহিলা গৰাকীক ভৰ্তি কৰোৱা হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয়ত।
মহিলা গৰাকীয়ে সন্তান জন্মৰ পিছত চিকিৎসালয়ৰ নাৰ্চে পুত্ৰ সন্তান জন্ম হোৱা বুলি খবৰ দি কাগজত চহী কৰাই লৈছিল।
ইয়াৰ পিছত সন্তানক ৰখা হৈছিল বেবী কেয়াৰ ৰুমত।
কিন্তু হঠাৎ মাতৃয়ে বৃহস্পতিবাৰে গাখীৰ খুৱাবলৈ লওঁতে দেখে সন্তানটি কন্যা সন্তান।
ইয়াৰ পাছতে সন্তানটি সাল সলনি কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছে পিতৃ মাতৃয়ে।
তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য।