চিনেমাৰ কায়দাৰে দিনদুপৰতে বেংক ডকাইতি, লুটি নিলে ৬੦ লাখ

November 22, 2020 0 By NEWS DESK

নিউজ ডেস্ক। অপৰাধীৰ বাবে যেন ৰম্যভূমি হৈ পৰিছে অসমৰ বিভিন্ন জিলা।

নিতৌ সংঘটিত হৈছে জঘন্য অপৰাধজনিত ঘটনা।

নিৰ্বিঘ্নে পলায়ন কৰিছে কুখ্যাত অপৰাধী।

এইবাৰ দিন দুপৰতে বেংকৰ পৰা উদ্যত মাৰণাস্ত্ৰ দেখুৱাই ডকাইতৰ দলে লুটি নিলে ৬੦ লাখ টকা।

ঘটনাৰ স্থান নলবাৰী জিলাৰ সদৰ থানাৰ পৰা প্ৰায় ৪ কিলােমিটাৰ নিলগত থকা পাঞ্জাব নেশ্যনেল বেংকৰ অমায়পুৰ যজ্ঞধাম শাখা।

দিনদুপৰতে শূন্যলৈ গুলীচালনা কৰি বেংকৰ পৰা ওলাই অহা চাৰিটাকৈ ডকাইতে জনতাৰ মাজেৰেই আহি বাইকত উঠি পলায়ন কৰে।

মাথোঁ কেইমিনিটমান সময়ৰ ভিতৰতে সংঘটিত কৰিলে এক বৃহৎ লুটপাত।

সাধাৰণ গ্ৰাহকৰ বেশেৰে বেংকত প্ৰৱেশ কৰা ডকাইতৰ দলটোৱে আচম্বিতে হাতত পিষ্টল লৈ বেংক কৰ্মচাৰীসকলক ভাবুকি দিয়ে আৰু কেচ কাউণ্টাৰত সোমাই হাতত লৈ অহা বেগত ভৰাই লয় সেই সময়ত কেচত থকা প্ৰায় ৬৪ লাখ টকা।

লক্ষণীয় যে মুমখত মাস্ক আৰু হেলমেট পৰিধান কৰি অহা ডকাইতৰ দলটোৱে কৰ্মচাৰী আৰু বংকৰ গ্ৰাহকসকলে কোনো কথা তৰ্কিব পৰাৰ পূৰ্বেই নিমিষতে লুটপাত চলাই বেংকৰ পৰা প্ৰস্থান কৰে।

সময় তেতিয়া দিনৰ প্ৰায় ১১.৩০ বাজিছিল।

পিছে বেংকৰ বাহিৰতো তেতিয়া বহু লোক সমৱেত হৈ থকা দেখি ডকাইতৰ দলটোৱে বেংকৰ পৰা বাহিৰলৈ ওলায়েই হাতত থকা পিষ্টলৰে তিনি জাঁইকৈ গুলী ফুটাই ৰাইজক আতংকিত কৰি তোলে।

উদ্যত পিষ্টল লোৱা যুৱকৰ দলটো দেখিয়েই একাংশ লোকে আতংকত হাহাকাৰ লগাইছিল যদিও তৎমুহূৰ্ততে ডকাইতৰ দলটোৱে পিষ্টলেৰে গুলীচালনা আৰম্ভ কৰে আৰু দুৰ্ভাগ্যবশতঃ ডকাইতৰ দলটোৰ গুলী লাগি আহত হয় এজন সাধাৰণ ব্যক্তি।

জানিব পৰা মতে, বেংকৰ বাহিৰত থকা অময়াপুৰৰ এলেংগীদলৰ নয়ন দাস নামৰ যুৱকজনৰ ভৰিত গুলী লাগি ঢলি পৰে।

স্বাভাৱিকতে সেই স্থানতে থকা অন্যান্য লোকসকলে লগে লগে প্ৰাণৰ মমতাত ডকাইতৰ দলটোক বাট এৰি দিয়ে আৰু চাৰিজনীয়া ডকাইতৰ দলটোৱে টকাভৰ্তি বেগ লৈ বাইক ষ্টাৰ্ট কৰি সেই স্থানৰ পৰা উধাও হ’বলৈ সক্ষম হয়।

উল্লেখ্য যে ডকাইতৰ গুলীত আহত হোৱা নয়ন দাস নামৰ লোকজনক ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়।