চি বি আইৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত সিন্হাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু

April 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আইৰ সঞ্চালক ৰঞ্জিত সিন্হাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা দিল্লীত মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ।

জানিব পৰা মতে বৃহস্পতিবাৰে কভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল প্ৰাক্তন সঞ্চালকজন। শুকুৰবাৰে পুৱা ৪:৩০ বজাত মৃত্যু হয় তেওঁৰ। অৱশ্যে তেওঁৰ দেহত ক’ভিড-১৯ৰ কোনো গুৰুতৰ লক্ষণ নাছিল।

উল্লেখ্য যে সিনহা আছিল ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৭৪ বেটচৰ বিষয়া।

২০১২-২০১৪ বৰ্ষলৈ তেওঁ দুৰ্নীতি নিবাৰক সংস্থাৰ সঞ্চালকৰ দ্বায়িত্ব লাভ কৰিছিল আৰু তেওঁৰ সেই দুবছৰীয়া কাৰ্যকালটো সৰ্বাধিক বিতৰ্কিত কাৰ্যকাল হিচাপে বিবেচিত হৈছিল। কাৰণ সেই কাৰ্যকালত চলিছিল ২ জি আৰু কয়লা কেলেংকাৰীৰ তদন্ত।

সেই সময়ত তেওঁক লগ কৰিছিল কেলেংকাৰীৰে জঢ়িত বহুতো লোকে। যাৰফলত পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে তেওঁক সেই কাৰ্যত নিৰ্দোষী বুলি প্ৰমাণিত কৰিবলৈ নিৰ্দেশ দি অতিৰিক্ত সঞ্চালকক সেই দুই তদন্তৰ দায়িত্ব দিছিল।