চুবুৰীয়া ৰাজ্য মেঘালয়ত ৰহস্যজনকভাৱে মৃত্যু অসমৰ যুৱকৰ, তদন্তৰ দাবী…
July 17, 2021চুবুৰীয়া ৰাজ্য মেঘালয়ত ৰহস্যজনকভাৱে মৃত্যু অসমৰ যুৱকৰ।
নলবাৰী জিলাৰ বাঁহজানীৰ বুদ্ৰুকুছি (জালকুছি) গাঁৱৰ গণেশ বৈশ্য (৩৯) নামৰ এজন যুৱকৰ শুকুৰবাৰে নিশা অসম-মেঘালয় সীমান্তস্থিত এটা অঞ্চলৰ বিল্ডিঙৰ পৰা পৰি মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গণেশে মেঘালয়ত ভাৰতীয়া হিচাপে থাকি ট্ৰাক চলাই জীৱন নিৰ্বাহ কৰি আছিল।
কিন্তু পৰিয়ালৰ লোকে গণেশৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই।
ঘটনাৰ আঁৰত ৰহস্য অন্তৰ্নিহিত হৈ থকা বুলি সদৰী কৰি অসম-মেঘালয় আৰক্ষীক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে পৰিয়ালে।
মৃত্যুৰ সময়ত যুৱকজনে মাতৃ, পত্নী, দুটি সন্তানসহ বহুকেইজন আত্মীয়-স্বজনক এৰি থৈ যায়।