চুলাই মদৰ ঘাটি থকা অঞ্চলত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ, ৩ দিনৰ ভিতৰত উচ্ছেদ কৰাৰ নিৰ্দেশ…

July 9, 2021 0 By Biraj Kalita

লোকেল চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

তিনিদিনৰ ভিতৰত সকলো চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ।

বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ক’ভিড পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

মন্ত্ৰীগৰাকীয়ে কয়-চতিয়া, বিশ্বনাথ চাৰিআলি আদি অঞ্চলৰ লোকেল চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। তিনি দিনৰ ভিতৰত বিশ্বনাথ জিলাৰ সকলো চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

লগতে জিলাখনত ক’ভিড সংক্ৰমণৰ হাৰ ২.৫০ শতাংতকৈও অধিক হোৱাৰ বাবে সকলোকে বিনা কাৰনত ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনায়।

জিলা খনৰ ক’ভিড পৰিস্থিতিক অতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰিবলৈ ৰোগী সকলৰ উপযুক্ত চিকিৎসা, অঞ্চলবাসীৰ কাৰণে ভেকচিন সহজে উপলব্ধ কৰিবলৈ আৰু নীতি নিৰ্দেশনা বৰ্তাই ৰাখিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে হাজৰিকাই।