চুৰি গাড়ীসহ দুজনক আটক আৰক্ষীৰ

September 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পশ্চিম দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বিষ্ণুপুৰত চোৰাং গাড়ীসহ দুজনক আটক।

বুঢ়া আৰক্ষীয়ে শনিবাৰে উদ্ধাৰ কৰে চোৰাং বলেৰ’ পিকআপ ভান।

আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা তহলদাৰী দলে পশ্চিম দৰঙৰ শালমাৰা আন্ধেৰিঘাট পথৰ বিষ্ণুপুৰ এলেকাত তালাচী চলাই চোৰাং গাড়ীসহ আটক কৰে চালক ইক্ৰামুল হুছেইনক।

বাহনখনৰ মালিক মৰিগাঁও জিলাৰ আফাজুদ্দিন বুলি জানিব পৰা গৈছে।

নিশা দুই বজাত মৰিগাঁৱৰ নিজা ঘৰৰ পৰা চুৰি হৈছিল বাহনখন।

গাড়ীখনৰ চালক আছাদুল হকে অন্য এজন চালক ইক্ৰামুল হুছেইনৰ হাতত গতাই দিছিল গাড়ীখন।

গাড়ীখন আঢ়ৈলাখ টকাত ধূলাৰ আছাদুল্লা আলীৰ হাতত বিক্ৰী কৰিবলৈ বন্দোবস্ত কৰিছিল বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষীগৰাকীয়ে।