চুৰি সামগ্ৰীসহ আৰক্ষীৰ জালত ৭ জনকৈ চোৰ…

April 6, 2022 0 By Biraj Kalita

চুৰি সামগ্ৰীসহ আৰক্ষীৰ জালত ৭ জনকৈ চোৰ

বিগত প্রায় এমাহ ধৰি ৰঙিয়া চহৰৰ লগতে কেইবাখনো বিদ্যালয়ৰ পৰা বিভিন্ন সামগ্রী চুৰি কৰা সাতটা চোৰক ৰঙিয়া থানাৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত চোৰকেইটা হ’ল শিলাকুটি গাঁৱৰ জিন্টু দাস, পৰাগ দাস, অনুপম দাস, হালিকুছি গাঁৱৰ গৌতম দাস, প্রাঞ্জল দাস, বিচেন্নালা গাঁৱৰ চন্দন দাস, কমলপুৰৰ জয়প্রকাশ দাস।

আৰক্ষীয়ে চোৰকেইটাৰ বাসগৃহৰ পৰা দুটা কম্পিউটাৰ ছেট, স্কেনাৰ মেচিন এটা, চিচি টিভিৰ কেমেৰাৰ ছেট এটা (আটাইখিনি ৰঙিয়া বাছ ষ্টেণ্ডৰ পৰা চুৰি হৈছিল), এখন শৰাই, এটা থালি (তৰণী হৰিমন্দিৰৰ পৰা চুৰি হৈছিল) পাঁচটা চিলিণ্ডাৰ, ছটা পানীতোলা মটৰ, চাহ বনোৱা ইলেক্ট্রনিক কেটলি, দা, কুঠাৰ (আটাইবোৰ স্কুলৰ পৰা চুৰি হৈছিল) আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰামতে, এপ’ল’ মিল চৌহদৰ পৰা চিলিণ্ডাৰ চুৰিতো এই চোৰৰ চক্ৰটো জড়িত আছিল।