চুৰি হােৱাৰ ২৪ ঘন্টাৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰিলে বুলেট বাইক, আটক ১

November 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে তীব্ৰ অভিযান।

এনে অভিযানৰ মাজতে শিৱসাগৰৰ মেলা চ’কৰ পৰা বাইক চােৰা চুৰি কৰি নিলে এখন বুলেট বাইক।

অৱশ্যে ঘটনাৰ খবৰ লাভ কৰিয়েই শিৱসাগৰ আৰক্ষীৰ তৎপৰতাৰে উদ্ধাৰ কৰে বাইকখন।

জানিব পৰা মতে, এএছ ০৪ ইউ ৪২৮৪ নম্বৰৰ বুলেটখন চুৰি হৈছিল শিৱসাগৰৰ মেলা চ’কৰৰ পৰা।

শিৱসাগৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলায় মেলা চ’কৰৰ পৰা চুৰি হোৱা উক্ত বুলেটখন শিৱসাগৰৰ কেপিএম চাৰিআলিত উদ্ধাৰ কৰে।

লগতে বুলেট চুৰি জড়িতৰ অভিযোগত আটক কৰে এজন যুৱকক।

লগতে চাওকঃ ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন লোকক কান্ধত কঢ়িয়াই প্ৰশংসিত মহিলা আৰক্ষী