চেম্বাৰ্চ অফ কমাৰ্চৰ নামত প্ৰতিষ্ঠান খুলি একাংশ আৰক্ষীয়ে আলফাৰ নামত ধন দাবী কৰিছেঃ পৰেশ বৰুৱা…
July 22, 2021চেম্বাৰ্চ অফ কমাৰ্চৰ নামত প্ৰতিষ্ঠান খুলি একাংশ আৰক্ষী বিষয়া, ব্যৱসায়ীয়ে আলফাৰ নামত ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে নিষিদ্ধঘোষিত সংগঠন অলফা স্বাধীনে।
আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে প্ৰেৰণ কৰা সেনাধ্যক্ষ পৰেশ অসমৰ স্বাক্ষৰ সম্বলিত এই বিবৃতিৰ জৰিয়তে আলফাৰ নামত একাংশ দুষ্ট চক্ৰই ধন সংগ্ৰহ কৰি আছে বুলি উল্লেখ কৰিছে।
সংগঠনটোৱে প্ৰেৰণ কৰা এই বিবৃতিত কোৱো হৈছে চেম্বাৰ্চ অফ কমাৰ্চৰ নামত প্ৰতিষ্ঠান খুলি একাংশ অসাধু আৰক্ষী বিষয়া আৰু ব্যৱসায়ীয়ে আলফাৰ সেনাধ্যক্ষ পৰেশ অসমৰ নামত অসমৰ বিভিন্ন অনা-অসমীয়া ব্যক্তিৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰাৰ তথ্য ইতিমধ্যে তেওঁলোকৰ হাতত পৰিছে।
চেম্বাৰ্চ অফ কমাৰ্চক এনে দুষ্কাৰ্য অনতিপলমে বন্ধ কৰিবলৈ কোৱাৰ লগেত এনে কাৰ্যৰ পৰা বিৰত নাথাকিলে কঠোৰ শাস্তি ভোগ কৰিব লাগিব বিবৃতিৰ জৰিয়তে সকিয়াই দিয়া হয়।
বিবৃতিত স্পষ্ট কৰি দি কয় যে, যোৱা ১৫ মে’ত আলফা (স্বাঃ) সংগঠনে একপক্ষভাৱে যুদ্ধ বিৰতি ঘোষণা কৰিছে। তেতিয়াৰ পৰা আজি পৰ্যন্ত সংগঠনৰ কোনো সদস্যই কোনো ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰা নাই।