চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, খেদি খেদি জব্দ কৰিলে শালৰ কুন্দা ভৰ্তি বাহন…

July 12, 2021 0 By Biraj Kalita

চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ সফল অভিযান।

খেদি খেদি জব্দ কৰিলে শালৰ কুন্দা ভৰ্তি এখন ডি আই বাহন।

বকোৰ ভালুকঘাটাত শালৰ কুন্দা সৰবৰাহ কৰা বাহন জব্দ কৰে বন বিভাগে।

খেদি খেদি বন বিভাগে জব্দ কৰে নম্বৰ প্লেট বিহীন এখন টাটা ডিআই।

বন বিভাগৰ খেদাত বাহনখনৰ চালকজনে চলন্ত বাহনৰ পৰা জপিয়াই পলায়ন কৰে।

তাৰ পাছত পথৰ দাঁতিত দুৰ্ঘটনাত পতিত হয় কাঠ ভৰ্তি টাটা ডিআইখন।

পশ্চিম কামৰূপ বন সংমণ্ডল এলেকাত এনেদৰে দিন দুপৰতে চলি আছে বন ধ্বংসৰ অবাধ বেহা।