চোৰাং কাঠ ভৰ্তি বাহন জব্দ বন বিভাগৰ

October 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি হ্ৰাস পােৱা নাই বন মাফিয়াৰ দপদপনি।

কামৰূপ জিলাৰ বকাে সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলতাে অব্যাহত আছে বন ধ্বংস।

ইপিনে, বকো নাগোপাৰাত নিশা শিঙৰা বন বিভাগে জব্দ কৰে এখন কাঠভৰ্তি টাটা ডিআই।

চোৰাং কাঠভৰ্তি ডিআইখনৰ বিভিন্নধৰণৰ কাঠৰ কুণ্ডা জব্দ কৰে অভিযানকাৰী দলটােৱে।

অভিযােগ অনুসৰি, বকোত দৈনিক চলি আছে চোৰাং কাঠৰ বেহা।

এই ক্ষেত্ৰত বন বিভাগক অধিক কঠােৰ ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনাইছে সচেতন মহলে।