চোৰাং গো-ব্যৱসায়ত জড়িত আৰক্ষী, নগাঁৱত গ্ৰেপ্তাৰ ২

December 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাত গৰুৰ সৰবৰাহ অব্যাহত আছে।

দেওবাৰে পুৱা নগাঁৱৰ আৰক্ষীয়ে বৰঘাট বাইপাচ পথত অভিযান চলাই পাঁচজন চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা ৪২টা গৰুভৰ্তি দুখন ট্ৰাক আৰু এখন ছুইফট ডিজায়াৰ জব্দ কৰে।

ধৃত চোৰাং গৰু সৰবৰাহকাৰীকেইজন জান বৰা, মোস্তাফা আহমেদ, ৰুছতম আলী, ভৃগু বাইলুং আৰু আজিবুৰ ৰহমান।

সৰবৰাহকাৰী কেইজনে এ এছ-০১-এনচি-১৮৪৩ আৰু এ ছ-০১ এল চি-৫১৫৭ নম্বৰৰ দুখন ট্ৰাকেৰে শিৱসাগৰ জিলাৰ ৰাজমাই বজাৰৰ পৰা ন-খুঁটিৰ দিশে যোৱাৰ পথত আৰক্ষীয়ে চোৰাং গৰুসহ ট্ৰাককেইখন জব্দ কৰে।

আৰক্ষীয়ে গৰু সৰবৰাহকাৰীকেইজনে ব্যৱহাৰ কৰা এ এছ-০২-জেড-৬১১১ নম্বৰৰ এখন ছুইফট ডিজায়াৰ জব্দ কৰে।

উল্লেখ্য, এই চোৰাং গৰু সৰবৰাহকাৰী চক্ৰটোৰ লগত বৰঘাট আৰক্ষী চকীৰ এজন কনিষ্টবল আৰু এজন হোমগাৰ্ড জড়িত থকাৰ গুৰুতৰ অভিযোগ উঠিছে।

নগাঁও আৰক্ষীয়ে অভিযুক্ত গৃহৰক্ষী জােৱানজনক গ্ৰেপ্তাৰ কৰিছে।