চোৰাং গৰু কঢ়িওৱা বলেৰ’ পিক আপৰ সৈতে ছুইফ্ট বাহনৰ সংঘৰ্ষ

April 4, 2022 0 By NEWS DESK

নিউজ ডেস্ক। যোৰহাট জিলাৰ টীয়কৰ কাকজানত সোমবাৰে পুৱাই সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনাৰ ঘটনা।

এই দুৰ্ঘটনাত ৫ জনকৈ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি চোৰাং গৰু সৰবৰাহ কৰা এখন বলেৰ’ পিক আপ বাহন আৰু এখন ছুইফট গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই ঘটনা সংঘটিত হয়।

ঘটনাৰ বিৱৰণ মতে যোৰহাট চিন্তামণিগড়ৰ পৰা নগাঁও অভিমুখে আহি থকা AS02CC2918 নম্বৰৰ এখন মহিন্দ্ৰা বলেৰ’ পিক আপ বাহনে ডিব্ৰুগড় দিশে আহি থকা AS06U8100 নম্বৰৰ এখন ছুইফটৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আহত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে দূৰ্ঘটনাগ্ৰস্থ চোৰাং গৰু কঢ়িওৱা বাহন খন গৰুৰে সহ জব্দ কৰে।

উল্লেখযোগ্য যে এই ঘটনাই চৰকাৰী বাধা নিষেধ স্বত্বেও চলি থকা অবাধ চোৰাং গো ব‍্যৱসায়ৰ কথাকেই প্ৰতিপন্ন কৰিছে।