চোৰাং চিকাৰী ৰোধ কৰিবলৈ শীঘ্ৰেই গঠন কৰা হ’ব বিশেষ তাস্ক ফ’ৰ্চঃ কেশৱ মহন্ত

May 27, 2021 0 By Biraj Kalita

চোৰাং চিকাৰী ৰোধ কৰিবলৈ শীঘ্ৰেই গঠন কৰা হ’ব বিশেষ তাস্ক ফ’ৰ্চ।

কাজিৰঙাত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

লগতে সংবাদমেলত ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ লগত জড়িত ফ্ৰণ্ট লাইন ফৰেষ্ট গাৰ্ডৰ বাবে ৮৪০ টকাৰ পৰিৱৰ্তে প্ৰতিমাহে ২০০০ টকাৰ ৰেচন মুকলি কৰি দিয়াৰো নিৰ্দেশ প্ৰদান কৰে।

চোৰাং চিকাৰী প্ৰতিৰোধৰ বাবে ১০ টাকৈ নতুন চেটেলাইত ফোন ব্যৱহাৰৰ কৰিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়।

লগতে বন বিভাগৰ খালি পদ সমূহ পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে।

অধিক পৰ্যটক আগমনৰ বাবে চৰকাৰে বৃহৎ আকাৰৰ গেষ্ট হাউচ নিৰ্মাণৰো সিদ্ধান্ত লৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।