চোৰাং সোণৰ ৰমৰমীয়া বেহা, ৫ খন সোণৰ বিস্কুট সহ এজনক আটক…

June 27, 2021 0 By Biraj Kalita

ৰে’লেৰে অব্যাহত আছে চোৰাং সোণৰ ৰমৰমীয়া বেহা।

লামডিঙত ৫০ লাখ টকাৰ মূল্যৰ ৫খন সোণৰ বিস্কুটসহ আটক কৰিছে জিআৰপিয়ে।

০৩১৭৪ আগৰতলা-শিয়ালদাহ কাঞ্চনজংঘা এস্কপ্ৰেছ ৰে’লৰ এছ ২ ডবাৰ পৰা উদ্ধাৰ সোণখিনি৷

লামডিং জি আৰ পিৰ নিয়মীয়া তালাচীত হাবিলদাৰ প্ৰাণটোচ নন্দীয়ে জব্দ কৰে সোণখিনি৷

উদ্ধাৰ হোৱা সোণখিনিৰ ওজন প্ৰায় ৫৮৩.৩ গ্ৰাম।

সোণৰ লগত আটক হোৱা যুৱকজন জালালপুৰৰ পৃথ্বী সাহ৷

আগৰতলাৰ পৰা চাপ্ৰালৈ সোণখিনি সৰবৰাহ কৰাৰ সন্দেহ।