চোৰে আৰক্ষীৰ নাম শুনিলেই পলাব লাগিব আৰু আৰক্ষীয়ে অপৰাধীক গুলীওৱাটো ষ্টাইল হ’ব লাগেঃ মুখ্যমন্ত্ৰী

July 5, 2021 0 By Biraj Kalita

ৰাজ্যৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূ্ৰ্ণ বৈঠক।

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হয় এই বৈঠক।

ৰাজ্যত আৰক্ষী বিভাগৰ সেৱা উন্নীতকৰণৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়।

১১৯জন পৰিদৰ্শক, ১৯৭জন উপ-পৰিদৰ্শক উপস্থিত থাকে বৈঠক খনত।

বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- অপৰাধীয়ে আৰক্ষীক ভয় কৰিব লাগিব আৰু সাধাৰণ মানুহে আশ্ৰয়স্থল বুলি ভাবিব লাগিব। এগৰাকী মহিলাৰ ধৰ্ষণ হোৱাৰ পিছত যেতিয়া থানালৈ আহিব তেতিয়া তেওঁৰ মনত এয়া আহিব নালাগিব যে থানাত গ’লে আৰু কোনোবাই ধৰ্ষণ কৰিব নেকি।মানুহ জনীয়ে ভাবিব লাগিব যে থানাখন ঘৰতকৈ নিৰাপদ।

লগতে তেওঁ কয়- দুৰ্নীতি হোৱা মানে অ’চিয়ে কম্প্ৰমাইজ কৰা। আৰক্ষীয়ে অপৰাধীক গুলীওৱাটো ষ্টাইল হ’ব লাগে। ভৰিত গুলীওৱাৰ অধিকাৰ আইনে দিছে।

ধৰ্ষণ, শোষণ, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধক অধিক গুৰুত্ব দিয়া হ’ব।আমি সমগ্ৰ ৰাজ্যতে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি আৰোপ কৰিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়- ধৰ্ষণ,হত্যা, ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ এই গোচৰ সমূহেই আমাৰ বাবে মূল।গৰুৰ ফালে নাচাবই। গৰু পূণ্য জীৱ। ড্ৰাগছৰ বেহাত এতিয়া আমাৰ মানুহেই ওলাব লৈছে। কাইলৈ আমাৰ ল’ৰা-নাতিয়ে ড্ৰাগছ খাব। সাৱধান হওক। যোৱা  ৪৫ দিনত বহুত ভাল কাম কৰিছে আপোনালোকে।’