চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎ বিল নিদিয়াকৈ থাকিলে দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

June 6, 2021 0 By Biraj Kalita

চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎ বিল নিদিয়াকৈ থাকিলে দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিভাগটোৰ অধীনৰ তিনিওটা কোম্পানী ক্ৰমে এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলৰ কাম-কাজৰ পৰ্যালোচনা কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷

চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎ বিল নিদিয়াকৈ থাকিলে সংশ্লিষ্ট ডিডিঅ’সকলৰ জৰিয়তে কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিলৰ ধন কৰ্তনৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ প্ৰদান কৰে।

লগতে বিদ্যুৎ চুৰিৰ গোচৰসমূহ ৰুজু কৰাৰ বাবে এতিয়াৰ পৰা সকলোবোৰ আৰক্ষী থানাকে এপিডিচিএল আৰক্ষী থানা হিচাপে ঘোষণা কৰাৰ জাননী জাৰি কৰিবলৈও নিৰ্দেশ প্ৰদান ৰপে মুখ্যমন্ত্ৰী শৰ্মাই৷

তিনিওটা কোম্পানীয়ে ২০২১ চনৰ ৩১ মাৰ্চলৈকে চৰকাৰৰ পৰা গ্ৰহণ কৰা ঋণ আৰু ইয়াৰ সুদক তাৎক্ষণিকভাৱে অংশীদাৰিত্বলৈ ৰূপান্তৰকৰণ আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে প্ৰাপ্য লাভালাভ প্ৰদান সম্বন্ধীয় এক জাননী অতি সোনকালে জাৰি কৰাৰ বাবে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

কোম্পানীৰ ‘প্ৰফিট মেকিং চেণ্টাৰ’সমূহত ৫০০ টা ডিষ্ট্ৰিবিউশ্যন ট্ৰেন্সফৰ্মাৰ তাৎক্ষণিকভাৱে স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ বিদ্যুৎ ক্ৰয়ৰ দায়বদ্ধতা হ্ৰাস কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ