চৰকাৰী বিষয়া সকলৰ সৈতে এক গুৰুত্বপূ্ৰ্ণ বৈঠকত মিলিত বিধায়ক অখিল গগৈ…

July 7, 2021 0 By Biraj Kalita

চৰকাৰী বিষয়া সকলৰ সৈতে এক গুৰুত্বপূ্ৰ্ণ বৈঠকত মিলিত বিধায়ক অখিল গগৈ।

মঙলবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশ লয় বিধায়কগৰাকীয়ে।

উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত বিধায়ক গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন বিভাগৰ অধীনত ৰূপায়ন হৈ থকা আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে বুজ লয়।

বৈঠকত বিধায়ক গৰাকীয়ে সমষ্টিটোত এখন উন্নত মানৰ ৰাইপেনিং চেণ্টাৰ স্থাপন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক পৰামৰ্শ দিয়ে।

লগতে শিৱসাগৰ সমষ্টিত এখন উন্নত নাৰ্চাৰী স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি তাত বিশেষভাৱে এজাৰ, সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া আদি গছৰ পুলি উৎপাদন কৰিবলৈ আহ্বান জনায়৷ যাতে এই গছসমূহ ৰোপণৰ দ্বাৰা সমষ্টিটোৰ সৌন্দৰ্যবৰ্ধন কৰিব পাৰি।

লগতে চি. আই.ডি.এফ.ৰ অধীনৰ আঁচনিসমূহৰ কাম-কাজ ক্ষীপ্ৰতাৰে আৰম্ভ কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে।

বিধায়ক গৰাকীয়ে অসম টাই যাদুঘৰৰ উন্নীতকৰণৰ বাবে বিভিন্ন পৰামৰ্শও আগবঢ়ায়।

খণ্ড উন্নয়ন বিষয়া সকলক সমষ্টিটোত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁ‌চনিৰ অধীনত কৰ্মৰত লোকসকলৰ ১০০ টা কৰ্মদিন সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

লগতে চৰকাৰী কৰ্মচাৰীক সকলক সকীয়নি প্ৰদান কৰি গগৈয়ে কয়- এতিয়াৰে পৰা দুৰ্নীতি নহ’ব কোনো কাৰ্যালয়ত। পলমকৈ কোনো বিষয়া উপস্থিত হ’ব নোৱাৰিব কাৰ্যালয়ত।