চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভঃ ৮৯৬ পদৰ বাবে প্ৰথমটো বিজ্ঞাপন প্ৰকাশ…
June 2, 2021শাসনৰ দায়িত্ব লৈয়েই ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ১লাখ নিযুক্তি দিয়াৰ কথা।
সেই মৰ্মে আৰম্ভ হ’ল ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া।
৮৯৬ পদৰ বাবে প্ৰথমটো বিজ্ঞাপন প্ৰকাশ কৰিলে স্বাস্থ্য বিভাগে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম) ৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ৮৯৬ টা ষ্টাফ নাৰ্চ পদৰ বাবে বিজ্ঞাপন।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ অধীনস্থ প্ৰায় আটাইকেইটা বিভাগকে এক লাখ নতুন নিযুক্তি প্ৰক্ৰিয়াই সামৰি ল’ব।
অৱশ্যে ইয়াৰ ভিতৰত সৰ্বাধিক পদ খালি হৈ আছে গৃহ বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত।