চৰকাৰৰ বেয়া কামবোৰ লুকুৱাই ৰাখকঃ টংকেশ্বৰ ৰাভা

February 8, 2022 0 By NEWS DESK

নিউজ ডেস্ক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক।

জনতা আৰু চৰকাৰৰ মাজৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰা এই চতুৰ্থ স্তম্ভৰ শেন চকুৰ ভয়তে আজিও ক্ষমতাশালী নেতা-মন্ত্ৰী-বিধায়কে স্বৈৰাছাৰিত প্ৰদৰ্শনৰ পৰা বহু পৰিমানে আঁতৰি আছে।

অৱশ্যে লাহে লাহে সংবাদ মাধ্যমৰ ওপৰত ক্ষমতাৰ অপপ্ৰয়োগো নঘটা নহয়। কিন্তু মুকলিকৈ সংবাদ মাধ্যমত কোনো পক্ষৰ ফলত থিয় দিয়াৰ বাবে আহ্বান জনোৱাৰ ধৃষ্টতা কোনেও কৰা নাছিল।

কিন্তু অৱশেষত সেয়াও ঘটিল। সংবাদ মাধ্যমত কেনে বাতৰি প্ৰচাৰ হব লাগে, কেনে বাতৰি প্ৰচাৰ হব নালাগে তাৰ নীতিশিক্ষা দিলে ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।

এক জনসভা সম্বোধন কৰি দিয়া ভাষণত চৰকাৰৰ গুণ গান গাই ভাষণৰ অন্তত সংবাদ মাধ্যমক নীতিপাঠ পঢ়ুৱালে টংকেশ্বৰ ৰাভাই।

তেওঁৰ মতে, সংবাদ মাধ্যমে চৰকাৰৰ বেয়া কামবোৰ লুকুৱাই ৰাখি ভাল কামবোৰ বেছিকৈ প্ৰচাৰ কৰিব লাগে।

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিকক এনেদৰে দিয়া নীতিশিক্ষাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।