চৰকাৰ গঠন কৰিবলৈ মিত্রজোঁটক বেলেগৰ সহায় নালাগে, মিত্রজোঁটে পাব মেজিক নম্বৰঃ মুখ্যমন্ত্ৰী

April 11, 2021 0 By Biraj Kalita

ৰাজ্যত এতিয়া সৰ্বত্ৰে চলিছে হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগ।

হর্ছ ট্রেডিঙৰ শংকাই কঁপাইছে মহাজোঁটৰ ভেটি।

মহাজোঁটৰ প্রার্থীক হর্ছ ট্রেডিং কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি শংকা প্রকাশ কৰিছে কৰিছে কংগ্ৰছকে ধৰি বিৰোধীয়ে।

কিন্তু বিৰোধীৰ এনে কাণ্ডক নস্যাৎ কৰিছে বিজেপিয়ে।

এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়- বিজেপি, অগপ, ইউ পি পি এল সকলোৱে মিলি এইবাৰ চৰকাৰ গঠন কৰিবৰ বাবে প্রয়োজন হোৱা মেজিক নম্বৰতকৈ বহু বেছি আসন লাভ কৰিব৷ সেয়া এশ শতাংশ নহয়, এহাজাৰ শতাংশ নিশ্চিত৷ অসমত আকৌ এবাৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’ব৷ ভোটগণনাৰ পূর্বেই কংগ্রেছ মহাজোঁট হতাশাগ্রস্ত হৈছে৷ তাৰ বাবেই মানুহৰ মনত সজীৱ হৈ থকাৰ বাবে নানা ধৰণৰ কূটকৌশল কৰিছে৷

আনহাতে মহাজোঁটে তেওঁলোকৰ প্রার্থীসকলক আঁতৰাই নিয়া ঘটনাই তেওঁলোকৰ অংশীদাৰ দল আৰু প্রার্থীসকলৰ ওপৰত যে আস্থা–বিশ্বাস নাই, সেইটোৱে সূচাইছে৷ চৰকাৰ গঠন কৰিবলৈ মিত্রজোঁটক বেলেগৰ সহায় নালাগে৷ লাগিলে মিত্রজোঁটে চৰকাৰেই নকৰে, তথাপি বেয়া সামগ্রী লৈ ঘৰ নবনায় বুলি মন্তব্য কৰে ৰঞ্জিত দাসে।

লগতে চাওকঃ

ডাঙৰ খবৰ! মহানগৰীত পুনৰ ভয়াৱহ ৰূপত ক’ভিড-১৯ৰ সংক্ৰমণ, শিক্ষয়িত্ৰীৰ মৃত্যু