চৰকাৰ, বিধায়কলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধনৰে মেৰামতি কৰিলে ৰাজপথ…
June 9, 2021চৰকাৰ, বিধায়ক কিম্বা জনপ্ৰনিধিলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন খৰছ কৰি মেৰামতি কৰিলে ৰাজপথ।
বৰপেটাৰ বাঘবৰ সমষ্টিৰ আলোপতিত একাংশ উদীয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।
হতাত কোৰ-বস্তা ল’ই লাগিল পথ মেৰামতিত।
দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ আলোপতি মাজৰচৰ বজাৰৰ পৰা আলোপতি স্বাস্থ্য কেন্দ্ৰ হৈ বাঘমাৰা বজাৰলৈ যোৱা মূল পথচোৱা দীৰ্ঘদিনৰে পৰা অতি শোচনীয় হৈ আছিল।
এজাক বৰষুণতেই জলমগ্ন হৈ পৰিছিল ৰাজপথ ,পুখুৰীৰ ৰূপ লোৱা পথত পোহনীয়া হাঁহ বোৰেহে কৰিছিল জলকেলি।
ৰাইজে যাতায়াতৰ বিপৰ্যয়ৰ কথা বাৰম্বাৰ ক’ইছিল সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক ,পিছে বিধায়কৰহে ৰাইজৰ কথা নোসোমাল কানত।
উপায়বিহীন ৰাইজ ,সেয়ে ভাবিলে-“আপোন হাত জগন্নাথ“ ,আৰু ওলাই আহিল পথ মেৰামতিৰ বাবে ,মঙ্গলবাৰে এইদৰে ৰাইজে মেৰামতি কৰিলে সদাব্যস্ত পথটি।
ভাড়াতীয়া ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই মাটি পেলালে পুখুৰী সদৃশ জলমগ্ন পথত আৰু এইদৰে হাতে-হাতে কোৰ ল’ই যাতায়তৰ সুগম কৰিলে পথচোৱা।