চৰ্চাত আন এগৰাকী গৃহৰক্ষী জোৱান, লাখ টকাৰ উপঢৌকন প্ৰত্যাখ্যান কৰি ধৰিলে ড্ৰাগছ মাফিয়াক…

July 6, 2021 0 By Biraj Kalita

পুনৰ চৰ্চাত আন এগৰাকী গৃহৰক্ষী জোৱান।

লাখ টকাৰ উপঢৌকন প্ৰত্যাখ্যান কৰি আটক কৰিলে কুখ্যাত ড্ৰাগছ মাফিয়াক।

বিহপুৰীয়াত গৃহৰক্ষী জোৱান বিজয় হাজৰকাই কৌশলেৰে কৰায়ত্ত কৰিলে কুখ্যাত ড্ৰাগছ মাফিয়া বাবুল আলিক।

বিহপুৰীয়া আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান বিজয় হাজৰিকাই সোমবাৰে নিশা কৰায়ত্ত কৰে মষ্ট ৱান্টেত বাবুল আলিক৷

গাড়ী সহ পলাই সাৰিবলৈ সক্ষম হয় বাবুলৰ আন এক সহযোগি৷

বাবুল আলিয়ে এক লাখ টকা উপঢৌকন যাচিছিল গৃহৰক্ষী জোৱান বিজয়ক কিন্তু সেই টকা গ্ৰহণ নকৰিলে বিজয়ে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল ড্ৰাগছ মাফিয়া বাবুল আলি।